About Me

Monday 1 June 2020

ঘোঁৰা (জান আলোচনী নিৰ্বাচিত কবিতা)

ঘোঁৰা
গোলাপ কুমাৰ


চহৰখনলৈ যেতিয়া আন্ধাৰ নামে
ৰণুৱা ঘোঁৰাটোৰ
নাকী চিঙে

নাকীহীন ঘোঁৰাটোৱে
চহৰখনৰ চৌপাশ তচনচ কৰে
অলিয়ে-গলিয়ে কোৰ্হাল কৰে।

ঘোঁৰাটোৱে
চহৰখনৰ ঠিক মাজমজিয়াত
অঘোষিতভাৱে বিদ্ৰোহ কৰে।

বিদ্ৰোহী ঘোঁৰা।

বিজেতা ঘোঁৰা।
কেৱল বিদ্ৰোহ।
কেৱল বিজয়ী।

চহৰখনৰ ঘন অৰণ্যৰ
দীঘলীয়া বাটটোৱেদি
ৰণুৱা ঘোঁৰাটোৰ
অহা-যোৱা

অবিৰাম
এই যাত্ৰা
কেৱল ৰণৰ ঘোঁৰা, ৰণুৱা ঘোঁৰা।

সামুদ্ৰিক ঢৌৱে কোবাই যায় চহৰখন
সেয়ে চহৰখন ক্লান্ত
ঘোঁৰাটো অক্লান্ত

বিজয়ী ঘোঁৰাটোৰ বুকুৱে-বুকুৱে
চকুৱে-মুখে
জয়ৰ আনন্দ!

ঠিকনাঃ মৰিগাঁও
ফোনঃ ৯৩৬৫৫১৩০৯২



‘জান’ৰ বিশেষ কেইটামান পৃষ্ঠা ( Lock Down ৰসময়ত )





Monday 20 April 2020